Welcome to the official website of Dr. Bupen Hazarika Cultural Trust
title
Stay connected with us
+91-8638071810   bhctassam@gmail.com
 
Songs
Lyrics
ৰিম্‌ ঝিম্‌ ৰিম্‌ ঝিম্‌ বৰষুণে
কথা ঃ মোৰ আইৰ চকুপানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে?
গীত-
ৰিম্‌ ঝিম্‌ ৰিম্‌ ঝিম্‌ বৰষুণে
নেপুৰ বজায় ক’ত?
গিৰ্‌ গিৰ্‌ ডাৱৰেনো
মাদল বজায় ক’ত? এই মোৰ অসম দেশত, অসম দেশত৷
মাইহাং বাটিত সোৱাদ পানী
যাচে কোনে ক’ত?
কাৰ পদূলিত কেতেকীনো
মলেমলায় ক’ত?
এই অসম দেশত, অসম দেশত৷৷
এধানি এধানি নৈ সাগৰ হয় ক’ত?
সেই সাগৰকো ভয় নকৰেনো কোনে ক’ত?
এই অসম দেশত, অসম দেশত৷
আইৰে চকুৰে মুকুতানো সৰে ক’ত?
সেই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ ক’ত?
মোৰ দেউতাৰে কপালৰে ঘাম সৰে ক’ত?
সেই ঘাম দেখি মৰোঁ যেনে লাগে বাৰু ক’ত?
অ’ মোৰ অসম দেশত৷
(১৯৮০ চনত সংযোগ হ’ল তলৰ গীতৰ শাৰীকেইটা)

Bhupen Hazarika Cultural Trust
BHCT City Office, House No: 858
Zakir Hussain Road, Sarumotona
Hengrabari, Guwahati - 781063
Follow Us On

        

Designed By

Ashim Ranjan Bora
ashimrbora@gmail.com