+91-8638071810 bhctassam@gmail.com
আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি দীৰ্ঘদিনীয়া হাবিয়াস পূৰণৰ এক আন্তৰিক প্ৰচেষ্টাৰ বাবেই ২০০৮ চনত সঙ্গীতজ্ঞ নন্দ বেনাৰ্জীৰ একনিষ্ঠ প্ৰচেষ্টাত ‘সুৰ চানেকী’ৰ প্ৰথম খণ্ডই আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছিল৷ সেইদৰে ‘সুৰ চানেকী’ৰ দ্বিতীয় খণ্ড ২০১৩ চনত আৰু তৃতীয় খণ্ডটি প্ৰকাশ পায় ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত৷ ভূপেনদাৰ গীতসমূহ শুনি ভাল পোৱা আৰু চৰ্চা কৰিবলৈ বিচৰা সংগীতপ্ৰেমীসকলৰ বাবে সহজলভ্য হোৱাকৈ ‘সুৰ চানেকী’ৰ আটাইকেইটা খণ্ড একত্ৰ কৰি মুঠ ১০০ টা গীতৰ এই সংকলনটি প্ৰকাশ কৰা হৈছে৷ আশাকৰো ভূপেন হাজৰিকাৰ গীতৰ চৰ্চা কৰা প্ৰশিক্ষাৰ্থীসকলক ‘সুৰ চানেকী’য়ে সহায় কৰিব৷
‘সুৰ চানেকী’ৰ স্বৰলিপি প্ৰস্তুত কৰি উলিয়াইছে ড॰ ভূপেন হাজৰিকাদেৱৰ সৈতে দীৰ্ঘ বছৰ সহযোগী হৈ থকা কলকাতাৰ বিশিষ্ট বাঁহীবাদক তথা সংগীত ব্যৱস্থাপক প্ৰয়াত শ্ৰীযুত অলকনাথ দেৰ যোগ্য পুত্ৰ শ্ৰীতপন কুমাৰ দেৰ লগতে অসমৰ স্বনামধন্য শিল্পী নন্দ বেনাৰ্জী আৰু শিল্পী নিত্যানন্দ ডেকাই৷
ড॰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত আন তিনিটি জনপ্ৰিয় গীতো ‘সুৰ চানেকী’ত সন্নিৱিষ্ট কৰি দিয়া হ’ল৷ এই গীতকেইটিৰ স্বৰলিপি প্ৰস্তুত কৰিছে স্বনামধন্য শিল্পী প্ৰয়াত মুকুল বৰুৱাদেৱৰ সুযোগ্য পুত্ৰ শ্ৰীবিপুল বৰুৱাই৷
সুগায়িকা মনীষা হাজৰিকা আৰু নিত্যানন্দ ডেকাৰ অৰিহণা নিতান্তই অনস্বীকাৰ্য৷

Ashim Ranjan Bora
ashimrbora@gmail.com